তিনিচুকীয়া: অবৈধ জুৱা খেল ,অবৈধ সুৰা বিপনিৰ বিৰুদ্ধে মাকুম থানাত জাননী প্ৰদান বীৰ লাচিত সেনা অসম মাকুম আঞ্চলিক সমিতিৰ
সোমবাৰে বিয়লি প্ৰায় ৪ বজাত শান্তিপূৰ্ণ ভাবে দীপাৱলী উদযাপন কৰাৰ উদ্দেশ্যৰে অবৈধ জুৱা খেল আৰু অবৈধ সুৰাৰ বিপনি সমূহ বন্ধ কৰাবৰ বাবে সংগঠনটোৱে আজি মাকুম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এখন জাননী প্ৰদান কৰে । অবৈধ জুৱা খেল সমূহত যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হলে ইয়াৰ কাৰণে কিন্তু বীৰ লাচিত সেনা অসম মাকুম আঞ্চলিক সমিতিয়ে জগৰীয়া নহয় বুলি সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰে । ইয়াৰ পাছতে সংগঠনটোৱে মাকুম চহৰত অনুজ্ঞাপত্ৰ বিহীন কেইবাখনো আতচবাজী দোকানৰ বিৰুদ্ধে অভিযান চলাই ।