শদিয়া: শদিয়াৰ কুণ্ডিল নদীৰ ওপৰত নিৰ্মীয়মাণ লখিমীপথাৰ-টুপিচিঙা সংযোগী দলংখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে বিধায়ক বলীন চেতিয়াই
বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ সৈতে শদিয়াৰ কুণ্ডিল নদীৰ ওপৰত নিৰ্মীয়মাণ লখিমীপথাৰ-টুপিচিঙা সংযোগী দলংখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয় শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াই ৷ দলং খন নিৰ্মাণ হৈ উঠিলে দশক দশক ধৰি নাৱেৰে যাতায়ত কৰি অহা লখিমী পথাৰ আৰু টুপিচিঙাৰ ৰাইজক যথেষ্ট সকাহ দিব বুলি আশা প্ৰকাশ কৰে।