ওদালগুৰি: মাজবাটৰ পাঁচনৈ খুটিৰ খেম বাহদুৰ সন্যাসী বহি:ৰাজ্যৰ পুনেৰ পৰা সন্ধানহীন,মাজবাট আৰক্ষী থানাত এজাহাৰ দাখিল
ওদালগুৰি জিলাৰ মাজবাট থানা এলেকাৰ পাঁচনৈ খুটি গাওঁৰ খেম বাহাদুৰ সন্যাসী (২৭) যোৱা ৭ মাহ পূর্বে কামৰ সন্ধানত বহিৰাজ্যলৈ গৈছিল। বহি:ৰাজ্যৰ হায়দৰাবাদত ছয় মাহ কাম কৰি মহাৰাষ্ট্ৰৰ কেদাৰি নগৰৰ "জুমেটু কেপচি চুলেংকি বিহাৰ" নামৰ এখন ৰেষ্টুডেণ্টত কাম কৰি থকা অৱস্থাত হঠাৎ যোৱা ৪ অক্টোবৰ তাৰিখে ৰাতি ৮ মান বজাত খেম বাহদুৰৰ পত্নী লৈ এটা ফোন কল আহে। খেম বাহাদুৰে ফোন কলত পত্নীক কয় মই মহাৰাষ্ট্ৰৰ পোনেৰ পৰা বেলেগ এটা ঠাইলৈ গৈ আছো কাম কৰিবলৈ কৈ ফোন কাটি দিয়ে।