লাহৰীঘাট: লাহৰীঘাটত বৃহস্পতিবাৰে সন্ধিয়া সমষ্টি ভিত্তিত AIUDF ৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰিলে দলটোৰ প্ৰাৰ্থী আমিনুল ইছলামে
লাহৰীঘাটত আজি সন্ধিয়া মুকলি কৰা হয় এ আই ইউ ডি এফৰ এটা নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যালয়। নগাঁও লোকসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে লাহৰীঘাটৰ নতুন বাছ ষ্টেণ্ডত এই নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে।ইফালে এই কাৰ্যসূচীত উপস্থিত থকা দলটোৰ প্ৰাৰ্থী গৰাকীয়ে আজি পবিত্ৰ ঈদৰ সমূহীয়া নামাজত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ,গৌৰৱ গগৈয়ে টুপী পিন্ধি ঈদগাহ ময়দান সমূহত নামাজ পঢ়িলে মুছলমান সমাজৰ কোনো উপকাৰ নহয় বুলি কলে প্ৰাৰ্থী আমিনুল ইছলামে।