নগাঁও: কামপুৰৰ কঠীয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত বুকলুংত গৰু চুৰিৰ ঘটনা সংঘটিত হয়,ন্যায় বিচাৰি মন্তব্য ভুক্তভোগীৰ
Nagaon, Nagaon | Oct 23, 2025 নগাঁৱত অব্যাহত আছে গৰু চোৰৰ তাণ্ডৱ। বিগত কেইটামান দিনত নগাঁও জিলাৰ কঠীয়াতলী,কামপুৰৰ বিভিন্ন স্থানত গৰু চোৰে গৰু চুৰি কৰাৰ কেবাটাও ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে মাজ নিশাও কঠীয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত বুকলুংত এক গৰু চুৰিৰ ঘটনা সংঘটিত হয়। বুকলুংৰ আব্দুল ছালামৰ গোহালী ঘৰ উদং কৰি চোৰে লৈ যায় চাৰিটাকৈ গৰু। চাৰিটাকৈ গৰু চুৰি হোৱাৰ পিছতে পৰিয়ালটোত হাহাকাৰৰ সৃষ্টি হয়। কৃষক আব্দুল ছলামৰ গৰুকেইটা আছিল মূল সম্পদ। গৰুকেইটাৰ জৰিয়তে কৃষি কাৰ্য সম্পাদন কৰি পৰিয়ালটোৱে জীৱিকা নি