লাহৰীঘাট: মৈৰাবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন মিছনৰ আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ তদন্তৰ দাবী স্থানীয় ৰাইজৰ
মৈৰাবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন মিছন আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।অভিযোগ মতে, আঁচনি খন ৰূপায়ণত ঠিকাদাৰ আৰু বিভাগীয় বিয়ষা-অভিযন্তাই মিলি ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰিছে।যাৰ বাবে অঞ্চলটোৰ ৰাইজে আজিলৈকে এটুপি বিশুদ্ধ খোৱা পানী লাভ কৰা নাই। আজি অঞ্চলটোৰ সচেতন ৰাইজে সমগ্ৰ ঘটনাটো উচিত তদন্ত কৰি বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো দাবী জনায়।