লাহৰীঘাট: BJP য়ে কোৰান শ্বৰিফ জ্বলাই দিয়া বুলি বিধায়ক আচিফ নাজাৰে কোৱা মন্তব্যত টেঙাগুৰিত দেওবাৰে নিশা প্ৰতিক্ৰিয়া ডাঃ নোমল মমিনৰ
লাহৰীঘাট সমষ্টিৰ বিধায়ক আচিফ মহম্মদ নাজাৰে সমষ্টিটোৰ এখন নিৰ্বাচনী সভাত বিজেপিয়ে কোৰান শ্বৰিফ জ্বলোৱা বুলি কোৱা মন্তব্যত দেওবাৰে নিশা লাহৰীঘাটৰ টেঙাগুৰিত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে।টেঙাগুৰিত নিশা অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰৰ এখন সভাত উপস্থিত থাকি উপাধ্যক্ষ গৰাকীয়ে বিধায়ক আচিফ নাজাৰে ইছলাম ধৰ্মী ৰাইজক ভুল মন্তব্যৰে উত্তেজিত কৰিব বিচাৰিছে।গতিকে তেওঁৰ বিৰুদ্ধে অচিৰেই আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয়।