তিনিচুকীয়া: সদৰত বিজেপিৰ সমষ্টি ভিত্তিক "বিশেষ সাংগঠনিক সভা" অনুষ্ঠিত
মঙ্গলবাৰে বিয়লি প্ৰায় ৩ বজাত ভাৰতীয় জনতা পাৰ্টী তিনিচুকীয়া জিলাৰ মুখ্য কাৰ্যালয়ত তিনিচুকীয়া আৰু মাকুম বিধানসভা সমষ্টি ভিত্তিক "বিশেষ সাংগঠনিক সভা" অনুষ্ঠিত হয় । সংগঠনটোক তৃণমূল পৰ্যায়ত অধিক শক্তিশালী আৰু সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে এই গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হয় ।ভাৰতীয় জনতা যুৱ মৰ্চা তিনিচুকীয়া জিলাৰ সভাপতি প্ৰীতম বুঢ়াগোহাঁইৰ সভাপতিত্বত ভাৰতীয় জনতা যুৱ মৰ্চাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই সভা ।