সোণাৰি: দেবাদিদেৱ মহাদেৱে আৰাধনা আজিৰে পৰা চাৰিদিনীয়াকৈ চৰাইদেউ মথুৰাপুৰত কৈলাশ ধামত মহা শিৱৰাত্ৰি আৰম্ভ ৷
চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাৰ এক সুউচ্চ, মনোৰম পৰিবেশত থকা ২২ নং কৈলাশ শিৱধাম মন্দিৰত আজিৰে পৰা চাৰি দিনীয়াকৈ আৰম্ভ হৈছে মহা শিৱৰাত্ৰি। কৈলাস শিৱধাম মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু নিমনাগড়, মথুৰাপুৰ, বাউলীপুখুৰীৰ সমূহ ৰাইজৰ সহযোগত অনুষ্ঠিত মহা শিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰা দেবাদিদেৱ মহাদেবৰ আৰাধনা আৰু বন্দনাবে মুখৰিত হৈ পৰে মন্দিৰৰ চৌপাশ। ভক্তসকলে নিজৰ মনোকামনা সিদ্ধিৰ অৰ্থে বেলপাত, ধুপ-দ্বিপ-নৈৱেদ্য আগবঢ়াই মহাদেৱ শিৱক পূজা-অৰ্চনা কৰা পৰিলক্ষিত হৈছে।