নগাঁও: কামপুৰ ৰাজহ চক্ৰৰ অধীনস্থ বিভিন্ন ঠাইত প্ৰসাশনে জাৰি কৰা উচ্ছেদকলৈ সংবাদমেল দল সংগঠনৰ
Nagaon, Nagaon | Oct 31, 2025 নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অধীনস্থ উলুমগুৰি, পদুমপুখুৰী, বৰপুখুৰী, ৰানীপুখুৰী, লুটুমাৰী আৰু লংজাপ জৰিপ নোহোৱা গাঁও (এন.চি)ৰ বাসিন্দাসকললৈ বন বিভাগে জাৰি কৰা উচ্ছেদৰ জাননী প্ৰত্যাহাৰৰ দাবীত তিনিটা সংগঠন — সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, অসম ৰাজ্যিক কৃষক সভা আৰু নিখিল ভাৰত কৃষক সভাই আজি নগাঁও জিলাৰ আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা আয়ুক্তৰ অনুপস্থিতিত সহকাৰী আয়ুক্ত শিল্পী শিখা পণ্ডিতে স্মাৰক পত্ৰ গ্ৰহণ কৰে আৰু শীঘ্ৰে আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰে।