কলগাছিয়া: পাতলিকুছি মধ্য ইংৰাজী বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰে বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে
জনীয়া সমষ্টিৰ অন্তৰ্গত পাতলিকুছি মধ্য ইংৰাজী বিদ্যালয়ৰ সৰ্ব শিক্ষা মিছনৰ অধীনত অতিৰিক্ত দুটা শ্ৰেণী কোঠা নিৰ্মাণ কাৰ্যৰ শনিবাৰে শুভ উদ্বোধন কৰা হয় ৷ পাতলিকুছি মধ্য ইংৰাজী বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰে জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে । বিদ্যালয়খনত শ্ৰেণী কোঠা দুটা নিৰ্মানৰ পিছত ছাত্ৰ ছাত্ৰী সকলৰ যথেষ্ট সুবিধা হব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে ৷