সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ছদিনীয়াকৈ সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ডুমডুমা নগৰ খেলপথাৰত অনুষ্ঠিত হৈ আছে । প্ৰায় পোন্ধৰটা পাণ্ডুলিপিৰ ভিতৰত লটাৰীৰ যোগেদি মুঠ আঠটা দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷ আয়োজক সমিতিয়ে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টিৰাজী নৱপ্ৰজন্মৰ আগত পৰিচয় কৰি দিয়াৰ স্বাৰ্থত অনুষ্ঠিত প্ৰতিযোগিতাত বুধবাৰে নিশা প্ৰায় ৯ বজাত উপস্থিত হয় আছুৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মা