তিনিচুকীয়া: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা উমানন্দ মুদৈ মৰাণক আটক কৰাক লৈ জিলাত তীব্ৰ প্ৰতিক্ৰিয়া, আৰক্ষীৰ স্থিতিক লৈ প্ৰশ্ন
তিনিচুকীয়া বৰগুৰিস্থিত আসাম পেৰামেডিকেল নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰটোৱে ছাত্ৰীসকলক ভুৱা শিক্ষা প্ৰদান কৰাৰ অভিযোগৰ পাছত প্ৰতিবাদ কৰা ছাত্ৰী সকলক লগ দি বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচীৰ হুংকাৰ দিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি নেতা উমানন্দ মুদৈ মৰাণক আটক কৰাক লৈ আজি তিনিচুকীয়াত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গল ।