পশ্চিম যোৰহাট: নুমলীগড়ৰ পৰা স্থলপথেৰে যোৰহাটত উপস্থিত দেশৰ প্ৰধান মন্ত্ৰী
নুমলীগড়ৰ পৰা স্থলপথেৰে যোৰহাটত উপস্থিত দেশৰ প্ৰধান মন্ত্ৰী । আজি বিয়লি বিশাল কনভয়েৰে যোৰহাটত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুদিনিয়া কাৰ্যসূচীৰে অসমত কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে । শনিবাৰে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা সুধা কণ্ঠৰ শতবৰ্ষৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে ।