মৰাণ: মৰাণৰ গজপুৰীয়াত ৰাইজে খেদি খেদি ধৰিলে দুটাকৈ ছাগলী চোৰ, আৰক্ষী আৰম্ভ কৰিছে তদন্ত
মৰাণৰ গজপুৰীয়াত ৰাইজে খেদি খেদি ধৰিলে দুটাকৈ ছাগলী চোৰ। গজপুৰীয়াৰ তেল ডিপুৰ সমীপত এখন বেটাৰী ৰিক্সা লৈ ছাগলী চোৰ কৰিবলৈ লওঁতে ৰাইজে প্ৰত্যক্ষ কৰাত খেদি খেদি কৰায়ত্ব কৰে চোৰ দুটাক । ৰাইজৰে আৰক্ষীক খবৰ দিয়াত মৰাণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰি থানা লৈ যায় দুইটা চোৰক। চোৰ কেইটাৰ নাম জানিব পৰা হোৱা নাই যদিও দুই চোৰৰ ঘৰ ডিব্ৰুগড় ঠাকুৰ থানৰ বুলি জানিব পৰা গৈছে । ডিব্ৰুগড়ৰ পৰা বেটাৰী ৰিক্সা লৈ ছাগলী আহিছিল চোৰ কেইটা।