বজালী ভাগ: পাটাছাৰকুছি শিৱ দুৰ্গা ধামত মহানৱমী উপলক্ষে দেৱী মাৰ চৰণত সেৱা লয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
সমগ্ৰ ৰাজ্যখনৰ লগতে পাটাছাৰকুছি শিৱ দুৰ্গা ধামতো বুধবাৰে অনুষ্ঠিত হয় মহানৱমী পুজা ৷ দুৰ্গা মাৰ নৱমী পুজা উপলক্ষে পাটাছাৰকুছি শিৱ দুৰ্গা ধামত মা দুৰ্গাৰ চৰণত ভক্তিভৰা সেৱা নিবেদন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৃহত্তৰ পাটাছাৰকুছিবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ মঙ্গল কামনা কৰি দুৰ্গা মাৰ আশিস বিচাৰে ।