সাপেখাতী: সাপেখাতী ৰাজহ চক্ৰৰ সীমান্তৱৰ্তী ৰজাপুখুৰীত সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা সম্পন্ন
মঙ্গলবাৰে ৰজাপুখুৰীত সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰৰ অস্থায়ী কৰ্মচাৰী উপস্থিত থাকে। চৰকাৰক বাৰে বাৰে আবেদন কৰিও আজি কুপতি সামান্য বেতনত চিকিৎসালয়ত প্ৰতিটো কাম কৰা এই সকল কৰ্মচাৰীক অতি শীঘ্ৰে বেতন বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে চলিত বিধান সভাত এই বিষয়ত মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনায়।