সাপেখাতী: চুতীয়াকাৰী ৰূপজ্যোতি সাংস্কৃতি সমিতি উদ্যোগত গুৰুত্বপূৰ্ণ সভাত পাতৰ সমাজ, চৰাইদেউ জিলা সমিতিৰ সম্পাদক সঞ্জয় পাতৰ
দেওবাৰে ১বজাত চুতীয়াকাৰীত চুতীয়াকাৰী ৰূপজ্যোতি সাংস্কৃতি সমিতিৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ সভাত সাংস্কৃতি সমিতিৰ সভাপতি বিজয় পানিকাৰ পৌৰোহিত্বত অনুষ্ঠিত হয়।সমিতিৰ সম্পাদক সঞ্জয় পাতৰে আঁত ধৰা সভাত বৰহাট নিউ হাই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বীৰেন বড়া, সমিতিৰ উপ -সভাপতি পোণা গড়ৰ প্ৰমুখ্যে কেইবাজনো লোকে অংশগ্ৰহণ কৰে।সভাত সাংস্কৃতি সমিতিৰ সাংগঠনিক দিশ আলোচনা কৰাৰ লগতে আগন্তুক উচ্চ-উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ২৫জন ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জনায়।