তিনিচুকীয়া: ন্যায্য প্ৰাপ্তিৰ দাবীত মাকুম ৰেলৱে জংচনত অনিৰ্দিষ্ট কালীন অৰ্থনৈতিক ৰেল অৱৰোধৰ আজি তৃতীয়টো দিন
ন্যায্য প্ৰাপ্তিৰ দাবীত তৃতীয়টো দিন মাকুম ৰেলৱে জংচনত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক ৰেল অৱৰোধ । বিভিন্ন স্থানৰ পৰা মৰাণ জনগণে মাকুম ৰেলৱে জংচনত যোৱা ১৫ ছেপ্টেম্বৰৰ পৰা শিবিৰ পাতি আজি ১৭ ছেপ্টেম্বৰ বুধবাৰে দুপৰীয়া প্ৰায় ২ বজাত এনেদৰে এই সংগ্ৰাম চলিবই , চলিছে চলিবই ,এই জুই জ্বলিছে ,জ্বলিছে জ্বলিবই আদি শ্লোগানেৰে উত্তাল কৰি তুলিছে অৱৰোধ স্থলী