লাহৰীঘাট: লাহৰীঘাটত সোমবাৰে বিধায়ক আচিফ মহম্মদ নাজাৰৰ বিৰুদ্ধে বিজেপিৰ মণ্ডল আৰু যুৱ মৰ্চাৰ বিষয়ববীয়া দাখিল কৰিলে এজাহাৰ
লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰৰ বিৰুদ্ধে আজি লাহৰীঘাট থানাত এখন এজাহাৰ দাখিল কৰে ৰজাগাধোৱা মণ্ডল বিজেপি আৰু সংখ্যালঘু যুৱ মৰ্চাৰ বিষয়ববীয়াই।উল্লেখ্য যে যোৱা ১ এপ্ৰিলত সমষ্টিটোৰ ভূৰাগাঁৱত অনুষ্ঠিত কংগ্ৰেছৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক নাজাৰে বিজেপিয়ে ইছলাম ধৰ্ম গ্ৰন্থ কোৰান শ্বৰিফ জ্বলাই দিয়াকে ধৰি কেতবোৰ উত্তেজনা মূলক মন্তব্য দিছিল।বিধায়ক গৰাকীৰ বিৰুদ্ধে এনে ধৰণৰ অভিযোগৰ ভিত্তিতে আজি আবেলি লাহৰীঘাট বিজেপিৰ নেতা-কৰ্মী সকলে এজাহাৰ দাখিল কৰে।