চেঙা: যৌতুকৰ বাবে পত্নীক হত্যা কৰা স্বামী মনোৱাৰ হুছাইনক শান্তিৰ দাবীত কদমতলা চৰত ৰাইজৰ প্ৰতিবাদ
Chenga, Barpeta | Oct 12, 2025 আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত কদমতলা চৰত যৌতুকৰ দাবীত স্বামীয়ে পত্নীৰ গাত পেট্ৰল ডালি অগ্নি সংযোগ কৰি হত্যা কৰাৰ অভিযোগ। উক্ত ঘটনা সন্দৰ্ভত আলোপতি চৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাৰৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াত ৰবিবাৰে স্থানীয় ৰাইজে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰীয়ে দোষীক কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰতম শান্তি প্ৰদান কৰিবলৈ দাবী জনায়।