বাঘবৰ: কিসমত মইনবৰীত ব্ৰহ্মপু্ত্ৰৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ প্ৰতিবাদী কাৰ্যসূচী
মন্দিয়া সমষ্টিৰ তাৰাকান্দী গাঁও পঞ্চায়তৰ অন্তৰ্গত দেউলদি চৰ, কয়াকুছিয়া চৰত ব্ৰহ্মপু্ত্ৰৰ গৰাখহনীয়াই তাণ্ডৱ চলাইছে ৷ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত শনিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয় ৷ প্ৰতিবাদকাৰি সকলে স্থানীয় বিধায়ক, জিলা প্ৰশাসনক অতি সোনকালে খহনীয়াৰ প্ৰতিৰোধৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ প্ৰতিবাদকাৰি সকলে অতি সোনকালে নদী বান্ধৰ ব্যবস্থা নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৷