ডুমডুমা: কাকপথাৰত বীৰাঙ্গনা ৰাধা ৰুকুণী আমন্ত্ৰণমূলক মহিলা ফুটবল প্ৰতিযোগীতাৰ শুভ উদ্বোধন বিধায়ক সুৰেন ফুকনৰ
বীৰাঙ্গনা ৰাধা ৰুকুণী,মৰাণ জনগোষ্ঠীৰ অন্যতম সাহসী দুই মহিয়সীৰ নামত মৰাণ জাতীয় মহিলা পৰিষদৰ উদ্যোগত আয়োজিত তৃতীয় বাৰ্ষিক অসম ভিত্তিত আমন্ত্ৰণমূলক মহিলা ফুটবল প্ৰতিযোগীতা খন দেওবাৰে দুপৰীয়া প্ৰায় ১২ বজাত কাকপথাৰৰ উবন খেল পথাৰত উদ্বোধন কৰে বিধায়ক সুৰেন ফুকনে ।