চেঙা: কাছুমাৰা গাঁও পঞ্চায়তৰ এআইইউডিএফৰ আঞ্চলিক সমিতি সভাত বিধায়ক আশ্ৰাফুল হুছেইনৰ অংশ গ্ৰহণ
চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰা গাঁও পঞ্চায়তৰ এআইইউডিএফৰ আঞ্চলিক সমিতি আৰু আঞ্চলিক যুৱ মৰ্চাৰ সমিতিৰ এক কাৰ্যকৰী সভা অনুষ্ঠিত হয় ৷ সভাখনত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে অংশ গ্ৰহণ কৰে ৷ সভাখনত মুলত ২৬ চনৰ বিধান সভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা হয় ৷