হোজাই: যুৱ সমাজৰ উদ্যোগত হোজাই চহৰত পুৱা ৫বজাৰ পৰা দুপৰীয়া ২বজালৈ বন্ধ,ৰাইজৰ পূণ্য সমৰ্থন
Hojai, Hojai | Sep 23, 2025 জুৱিন গাৰ্গৰ অবিহনে পাৰ হৈ গল পাঁচ দিন। শোকত ভাঙি পৰিছে ৰাজ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাবে হোজাইতো যুৱ সমাজৰ আহ্বানত মঙ্গলবাৰে পূৱা ৫ বজাৰ পৰা আজি দুপৰীয়া ২ বজালৈকে বন্ধ হোজাইৰ দোকান পোহাৰ।এই দৃশ্য মঙ্গলবাৰে দিনৰ ১০মান বজাৰ। উক্ত বন্ধত সম্পূর্ণ সমর্থন হোজাইৰ ব্যৱসায়ী সকলৰ।হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত সমগ্ৰ হোজাই অঞ্চলত পৰিছে এক শোকৰ ছাঁ।