পূব যোৰহাট: কাকজানত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা , যাত্ৰীবাহী এখন এপেত পাছফালৰ পৰা ট্ৰাকৰ খুন্দা,আঘাতপ্ৰাপ্ত দহ গৰাকী
টীয়কৰ কাকজানত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । যাত্ৰীবাহী এখন এপেত পাছফালৰ পৰা ট্ৰাকৰ খুন্দা । আঘাতপ্ৰাপ্ত ১০ গৰাকী । যোৰহাটৰ টীয়কৰ কাকজানত ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত হৈছে এই দুৰ্ঘটনা। এপেখনত থকা ১১ গৰাকী যাত্ৰীৰ ১০ গৰাকী গুৰুতৰভাৱে আহত হৈছে। আহত সকলৰ ভিতৰত আছে চাৰিগৰাকী মহিলা ।