ওদালগুৰি: TMC ৰ অসম তথা বিটিআৰত প্ৰাধান্য নাই ,TMC বিজেপিৰ ৰ বাবে ফেক্টৰ নহয়:-ননৈত ইএম সঞ্জিৎ তাঁতীৰ মন্তব্য
নিৰ্বাচনলৈ মাত্ৰ এসপ্তাহ বাকী, নিৰ্বাচনকলৈ সমগ্ৰ বিটিআৰত নিৰ্বাচনী ৰণডংকা আৰম্ভ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে। আঞ্চলিক ৰাষ্ট্ৰীয় সকলো ৰাজনৈতিক দলে বিটিচিৰ মচনদ দখলৰ লক্ষ্য কৰিছে বিটিআৰত। সমষ্টিয়ে-সমষ্টিয়ে প্ৰতিটো দলে অঘোষিতভাৱে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ আৰু যোগদান কাৰ্যসূচী । নিৰ্বাচনৰ গৰম বতাহে এতিয়া ওদালগুৰিৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিতো আকৰ্ষণীয় কৰি তুলিছে। ননৈ চেৰফাং পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সঞ্জিৎ তাঁতীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ আৰম্ভ