বুধবাৰে বাক্সাত হোৱা ঘটনাক লৈ তিনিচুকীয়াত নিশা প্ৰায় ৯ বজাত প্ৰতিক্ৰিয়া প্ৰকাশ আটাছু'ৰ সভাপতি মিলন বুঢ়াগোহাইৰ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি অসমৰ প্ৰতি গৰাকী লোকৰ লগতে টাই আহোম ছাত্ৰ সন্থাইও প্ৰতিবাদ কৰি আহিছে । কিন্তু আজি বাক্সাত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে অভিযুক্ত সকলক কাৰাগাৰলৈ প্ৰেৰণ কৰা মুহূৰ্তত প্ৰতিবাদ কাৰীয়ে শিলগুটি নিক্ষেপ কৰি আক্ৰমণ কৰা কাৰ্য্য গ্ৰহণ যোগ্য নহয় বুলি আটাছু'ৰ সভাপতি মিলন বুঢ়াগোহাইৰ মন্ত্যৱ্য প্ৰদান কৰে ।