কলগাছিয়া: বৰতাৰী গাৱঁৰ আই নদীত গা ধুই থাকোঁতে পানীত পৰি এজন যুৱকৰ সলিল সমাধি, অঞ্চলজুৰি শোকৰ ছাঁ
বৰপেটা জিলাৰ কলগাছিয়া ৰহজ চক্ৰৰ অন্তৰ্গত বৰতাৰীত আই নদীত এজন যুৱকৰ সলিল সমাধি ঘটে। জানিব পৰা মতে বৰতাৰী নিবাসী আলী আকবৰৰ পুত্ৰই সোমবাৰে আবেলি বৰতৰীৰ ওচৰত থকা আই নদীত গা দুই থাকতে হঠাৎ পানীত পৰি মৃত্যুক আঁকোৱালি লয়। স্থানীয় ৰাইজে যুৱক জনক নদীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে। যুৱক জনক অকাল মৃত্যুত বৃহত্তৰ অঞ্চলত শোষৰ ছাঁ পৰে।