লাহৰীঘাট: মহমাৰাত জামে মছজিদ পৰিচালনা সমিতিৰ সভাপতিক গুণ্ডা বাহিনীৰ আক্ৰমণ, আৰক্ষী চকীত এজাহাৰ দাখিল
লাহৰীঘাটৰ নগাবন্ধা অঞ্চলৰ মহমাৰাত মছজিদ পৰিচালনা সমিতিৰ সভাপতিক গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।অভিযোগ মতে, মহমাৰা জামে মছজিদৰ ইমাম গৰাকীক দিব লগা দৰমহাৰ বিষয়ক লৈ গাঁওখনৰে ৭-৮ জনীয়া এটা গুণ্ডা বাহিনীৰ দলে পৰিচালনা সমিতিৰ সভাপতি ইলিয়াছ উদ্দিনক শনিবাৰে সন্ধিয়া আক্ৰমণ কৰি আহত কৰে।অৱশ্যে এই সন্দৰ্ভত বৰছলা আৰক্ষী চকীত অভিযুক্তৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।জানিব পৰা মতে, আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।