বুধবাৰে বিয়লি প্ৰায় ৩ বজাত ৮৫ নং মাকুম বিধানসভা সমষ্টি গুইজান জিলা পৰিষদৰ অন্তৰ্গত বাঘজান গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত পঞ্চায়তৰ সভানেত্ৰী,সচিব আৰু ৱাৰ্ডৰ সদস্য সদস্যা সকলৰ সৈতে তিনিচুকীয়া জিলা মহিলা মৰ্চাৰ সভানেত্রী চিত্ৰলেখা সোনাৰৰ উপস্থিতিত বিভিন্ন বিষয়ত আলোচনা সভা । সভাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত "সাংসদ খেল মহোৎসৱ ২০২৫" ৰ ওপৰত বিশেষ ভাৱে আলোচনা কৰা হয়।