ডিফু: খটখটী বাছবাৰীৰ গো হত্যা ঘটনা সন্দৰ্ভত চাৰিজনক জেললৈ প্ৰেৰণ, নাগৰিক সমিতিৰ সংবাদ মেল
দেউবাৰে সন্ধিয়া ৫ বাজি ৩০ মিনিটত বোকাজান মহকুমাৰ খটখটী বাছবাৰীৰ গো হত্যাৰ ঘটনাকলৈ খটখটী থানাৰ নাগৰিক সমিতয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেল সম্বোধন কৰি নাগৰিক সমিতিৰ সদস্য শুৰেশ সিঙ আৰু সদস্যা মিষ্টি সুৰে কয়যে, কালিৰ ঈদৰ দিনা বাছবাৰীত সংঘটিত গো হত্যা ঘটনা অতিকৈ দুৰ্ভাগ্যজনক ৷ আইন অমান্য কৰি উক্ত ঠাইত গো হত্যা কৰি শান্তি সম্প্ৰিতি বিনষ্ট কৰিব খোজা চাৰিজন লোকক আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে ৷ ভৱিষ্যতে উক্ত এলেকাত এনে ধৰণৰ কাণ্ড সংঘটিত নকৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়