বজালী ভাগ: পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত সুলভ মূল্যৰ দোকানীৰ সজাগতা সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অংশ গ্ৰহণ
বজালী জিলাৰ সুলভ মূল্যৰ দোকানী তথা গাঁও পঞ্চায়ত সমবায় সমিতিৰ লগত শুক্ৰবাৰে খাদ্য, ৰাজহুৱা যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ সহিতে আগন্তুক দিনত চৰকাৰী ভাৱে দাইল, চেনি, নিমখৰ যি ৰেহাই মূল্যত প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই সন্দৰ্ভত পাঠশালাৰ হৰিমন্দৰ প্ৰাঙ্গনত অনুষ্ঠিত সজাগতা সভাত কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশগ্ৰহণ কৰে । উক্ত সভাত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, জিলা আয়ুক্ত মৃদূল দাসৰ লগতে সুলভ মূল্যৰ এজেণ্টসকল উপস্থিত থাকে ।