আজাৰা: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাভা হাছঙৰ লোহাৰঘাটত হাতে হাতে জোৰ লৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাভা হাছঙৰ লোহাৰঘাটত হাতে হাতে জোৰ লৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা ৷ দক্ষিণ কামৰূপৰ বৃহত্তৰ বৰদুৱাৰ- বাগান বিভিন্ন অঞ্চলৰ পৰা বিশাল প্ৰতিবাদী জোৰ সমদল আহি লোহাৰঘাটৰ চচলপাৰা খেলপথাৰত সমবেত হয় ।জুবিন গাৰ্গৰ বন্ধু ৰাজা বৰুৱা, সহশিল্পী প্ৰাঞ্চনা ৰাভা আদি উপস্থিত হৈ হাজাৰ হাজাৰ লোকৰ সৈতে এই ন্যায়ৰ দাবীত সহযোগী হয় ।