মৰঙী: NRLত কৰ্মৰত ঠিকাদাৰী কোম্পানীৰ বিৰুদ্ধে শ্ৰমিকক প্ৰৱঞ্চনাৰ অভিযোগ,নুমলীগড়ত গৰজি উঠিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম
নুমলীগড় শোধনাগাৰত কৰ্মৰত ঠিকাদাৰী কোম্পানীৰ বিৰুদ্ধে শ্ৰমিকক প্ৰৱঞ্চনাৰ অভিযোগ। বুধবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত নুমলীগড়ত গৰজি উঠিল দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম। নুমলীগড় শোধনাগাৰৰ AWIPL নামৰ কোম্পানীটোৰ বিৰুদ্ধে শ্ৰমিকক প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰাৰ লগতে মেনেজাৰে শ্ৰমিকক অশ্লীল শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ। থলুৱা শ্ৰমিকক একেদিনাই নটিচ মাৰি একেদিনাই অব্যাহতি দি ফাইনেল ফেছেলেটিৰ পৰাও বঞ্চিত কৰাৰ অভিযোগ। যাৰ বিৰুদ্ধে আজি এইদৰে গৰিজ উঠে সংগঠনটোৰ গোলাঘাট জিলা সমিতি।