মৰাণ: শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই খোৱাঙৰ নাট্যমন্দিৰত অনুষ্ঠিত হৈছে ৯৮ সংখ্যক দুৰ্গা পূজা, মন্দপত বাজিছে জুবিন গীত
শাৰদীয় দুৰ্গাপূজাৰ আজি ষষ্ঠী । খোৱাঙৰ নাট্যমন্দিৰৰ অতি পুৰণি সাৰ্বজনীন দুৰ্গাপূজা খনি এইবাৰ ভৰি দিছে ৯৮ বছৰত । শতবৰ্ষ গৰকিবলৈ মাত্ৰ দুটা বছৰ বাকী থকা পূজাখনিত এবাৰ নাই কোনো জাক-জমকতা । জুবিন গাৰ্গৰ মৃত্যুৱে যেন সকলোকে দুখত ৰাখিছে । নিয়মমাফিক কিছু বন্দনাৰে পূজাঅৰ্চনা কৰিছে মা দুৰ্গাক । মন্দপত বাজি উঠিছে জুবিনৰ গীত । মন্দপৰ সন্মূখত জুবিনৰ ফটো আৰি শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে ।