সোণাপুৰ: অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া এক পৱিত্ৰ পৰিৱেশত কমাৰকুছি-হাতীমূৰাত সুকলমে সম্পন্ন হৈছে
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া এক পৱিত্ৰ পৰিৱেশত মঙলবাৰে সন্ধিয়া প্ৰায় আঠ মান বজাত কমাৰকুছি-হাতীমূৰাত সুকলমে সম্পন্ন হৈছে। জুবিন গাৰ্গৰ পৰিয়ালক ইতিমধ্যে অস্থি অৰ্পণ কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগে চিতাভস্ম সংগ্ৰহ কৰি সযতনে সুৰক্ষিত কৰি ৰাখিব। যিহেতু জুবিন গাৰ্গ জনতাৰ সম্পদ আছিল, অসমৰ কোনো অনুষ্ঠান-প্ৰতিষ্ঠানে এই পৱিত্ৰ চিতাভস্ম বিচাৰিলে আবেদন কৰিবলৈ এটা অনলাইন প'ৰ্টেল শীঘ্ৰেই মুকলি কৰা হ'ব। আবেদন অনুসৰি নিৰ্দিষ্ট নিয়মত আবেদনকাৰীক চিতাভস্ম