ধেমাজি: জোনাইৰ লক্ষী নেপালীবস্তিত অগ্নিকাণ্ড, কেইবাহাজাৰ টকাৰ মৰাপাট ভস্মীভূত
জোনাইৰ লক্ষ্মী নেপালীবস্তিৰ নিবাসী মণ্টু চাহুৰ মৰাপাটৰ গুদামত সোমবাৰে দিনৰ ১ বজাত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। পৰিয়াল তথা স্থানীয় ৰাইজৰ তৎপৰতাত এই অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে গুদাম ঘৰটো। ঘটনা সন্দৰ্ভত জোনাই অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত লগে লগে বাহিনীৰ দল উপস্থিত হৈ অৱশেষত জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডত বিস্তৰ ক্ষতিসাধন নহ'লেও কেইবাহাজাৰ টকাৰ মৰাপাট ভস্মীভূত হয়।