সোণাৰি: সোণাৰী পৌৰসভাত ৰাইজৰ বাবে 'স্বৰ্গৰথ' বাহন উদ্বোধন সাংসদ তপন কুমাৰ গগৈৰ
সোণাৰীত যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়ে আজি বিয়লি সোণাৰী পৌৰসভাৰ বাবে বিচিপিএলৰ সামাজিক দায়ৱদ্ধতা আঁচনিৰ অধীনত প্ৰদান কৰা স্বৰ্গৰথ বাহন ৰাইজৰ বাবে শুভ উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত সাংসদজনৰ লগতে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰী পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগসহ পৌৰসভাৰ আন আন বিষয়ববীয়াসকল উপস্থিত থাকে।