বঙাইগাঁও ভাগ: অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত কৰাৰ দাবীত চহৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে সদৌ বঙাইগাঁও জিলা ছাত্র সন্থাই
সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাতো আছুই ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী । অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্রব্রজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত বঙাইগাঁও শ্বহীদ ভৱনৰ সম্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে সদৌ বঙাইগাঁও জিলা ছাত্র সন্থাই । বিক্ষোভ কাৰ্যসূচীত অসম চৰকাৰ হায় হায, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ আদি শ্লোগানৰে উত্তাল কৰি তোলে পৰিবেশ ।