তিনিচুকীয়া: সদৰত জিলা ক্ৰীড়া সন্থাৰ ৰঞ্জী ট্ৰফী খেল অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত
বুধবাৰে তিনিচুকীয়াত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ৰঞ্জী ট্ৰফী খেল অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰে । সুদীৰ্ঘ ২৪ ,বছৰৰ অন্তত অসম ক্ৰিকেট সন্থাই জিলা ক্ৰীড়া সন্থাক ৰঞ্জিত ট্ৰফী পাতিবলৈ দায়িত্ব দিয়াত সংবাদমেলৰ যোগেদি অসম ক্ৰিকেট সন্থাক ধন্যবাদ জ্ঞাপন কৰে । তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত প্ৰথমখন খেল অসম বনাম ছাৰ্ভিচেছৰ মাজত অহা ২৫ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ আৰু দ্বিতীয়খন খেল অসম বনাম ৰেইলৱেছৰ মাজতহ ১ নৱেম্বৰ পৰা ৪ নৱেম্বৰলৈ অনুষ্ঠিত হব