নগাঁও: কামপুৰ পাৰলিগুৰিত দুটাকৈ বাসগৃহত চুৰি কাণ্ডৰ ঘটনা,ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
Nagaon, Nagaon | Oct 20, 2025 কামপুৰ পাৰলিগুৰিত দুটাকৈ বাসগৃহত চুৰি কাণ্ডৰ ঘটনা। সোমবাৰে পুৱা প্ৰায় ১১ মান বজাত কামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।উল্লেখ্য যে ঘৰত মানুহ নথকাৰ সুযোগ লৈ চোৰে চলাই চাফাই অভিযান ৷দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে চোৰ ৷নগদ ধন সহ বহু পৰিমানৰ সোণ ৰূপৰ অলংকাৰ লৈ উধাও হয় চোৰ ৷বেণুমাধৱ নাথ আৰু গণেশ বসুমতাৰী বাসগৃহত এই চুৰিকাণ্ড সংঘটিত হয়৷ ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ।