ডুমডুমা: ডিৰাক-সোণজানত পথ নিৰ্মাণত নিয়োগ কৰা নিৱনুৱাক ঠিকাদাৰে টকা প্ৰদান নকৰাত আগন্তুক পাঁচ দিনত টকা দিবলৈ দাবী নিৱনুৱাসকলৰ
ডিৰাক-সোণজানৰ পৰা ৰহবাৰী-বিজুলীবনলৈকে ২৮ কিলোমিটাৰ পথ নিৰ্মাণ কৰা ঠিকাদাৰ বিজয় শৰ্মাৰ BIPL য়ে মাধমাৰ সোধাইছে থলুৱা নিৱনুৱাক । দেওবাৰে বিয়লি প্ৰায় ৪ বজাত থলুৱা নিৱনুৱাসকলে উক্ত অঞ্চলত এক সংবাদ মেল অনুষ্ঠিত কৰি ৬ মাহ ধৰি পাব লগীয়া টকা নিদিয়াৰ অভিযোগ কৰিছে স্থানীয় থলুৱা নিৱনুৱাৰ । আগন্তুক পাঁচ দিনত বিল নিদিলে চলিত অক্টোৱৰ মাহৰ ভিতৰতে মহঙস্থিত কেম্পত থকা সকলো সামগ্ৰী বাজেয়াপ্ত কৰাৰ সকিয়নী প্ৰদান কৰে ।