খুমটাই: খুমটাইত বানপানীৰ মাজৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰিলে এগৰাকী ৮০ বছৰৰ উৰ্ধৰ ৰুগীয়া বৃদ্ধাক বিধায়ক মৃণাল শইকীয়াই
খুমটাইত বানপানীৰ মাজৰ পৰা কথমপি প্ৰাণ ৰক্ষা এগৰাকী ৮০ বছৰৰ উৰ্ধৰ ৰুগীয়া বৃদ্ধাক বিধায়ক মৃণাল শইকীয়াৰ l গোলাঘাট জিলাৰ বিভিন্ন স্থানত বানে লৈছে ভয়ংকৰ ৰূপ l খুমটাই বিভিন্ন স্থানত বানৰ সংহাৰী ৰূপ l হঠাৎ নিশাই অহা বান পানীৰ মাজৰ পৰা মঙ্গলবাৰে পুৱা প্ৰায় ৮ বজাত নিজেই গৈ এগৰাকী ৮০ বছৰৰ উৰ্ধৰ ৰুগীয়া বৃদ্ধাক খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই বানপানীৰ মাজৰ পৰা কোনো মতে ৰক্ষা কৰিবলৈ সক্ষম হয় l