নলবাৰী: আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা,আকনা বামুণ গাওঁতো লক্ষ্মী পূজাৰ আয়োজন
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা। সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে লক্ষ্মী পূজাৰ। নলবাৰী ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আকনা বামুন গাঁওতো আয়োজন কৰিলে চতুৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ । এই পূজাৰ মূখ্য বন্তি প্ৰজ্বলন কৰে নলবাৰী জিলা পৰিষদৰ উপাধ্যক্ষ হিতেশ ব্ৰহ্মই । এই লক্ষ্মী পূজা উপলক্ষে শিৱশক্তি ছোৱালী নাগাৰা নাম দলে নাম পৰিবেশন কৰে ।