ওদালগুৰি: ভুটিয়াচাংত উদ্ধাৰ  মৃত্যু হোৱা  বন্যহস্তী
ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে গ্ৰামাঞ্চলত প্ৰবেশ কৰি তাণ্ডৱ চলাই আহিছে৷ গ্ৰামাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীৰ জাকে ঘৰ দুৱাৰ ধ্বংস কৰাৰ লগতে খেতি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে৷ জিলাখনৰ ভূটান সীমান্তবৰ্তী অঞ্চলৰ ৰাইজে এতিয়া সহবাস কৰিবলগীয়া হৈছে বন্যহস্তীৰ সৈতে৷ হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাবলগীয়া হৈছে সীমান্তৱৰ্তী গঞাই৷