বজালী ভাগ: বদনকুছি ৰাজহুৱা শ্মশান' খন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
বজালীৰ বদনকুছিত বিধায়কৰ আৰ্থিক সাহায্যত আৰু ৰাইজৰ সহযোগত নিৰ্মাণ হোৱা 'বদনকুছি ৰাজহুৱা শ্মশান' খনৰ শনিবাৰে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয় ৷ বদনকুছি ৰাজহুৱা শ্মশান' খন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি ৰাইজৰ বাবে উচৰ্গা কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত শালৈও উপস্থিত থাকে ।