বাঘবৰ: জনীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এল এ চি ভিত্তিক মেগা স্বাস্থ্য শিবিৰৰ সামৰণি, জিলা প্ৰশাসনৰ বিষয়া উপস্থিত
বৰপেটা জিলাৰ মন্দিয়া এল এ চিৰ অন্তৰ্গত জনীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৃহস্পতিবাৰে এল এ চি ভিত্তিক মেগা স্বাস্থ্য শিবিৰ সফলতাৰে অনুষ্ঠিত হয়। শিবিৰত সমগ্ৰ সমষ্টিৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় বাসিন্দাসকলেও বিভিন্ন স্বাস্থ্যসেৱাৰ সুবিধা গ্ৰহণ কৰে ৷ মেগা স্বাস্থ্য শিবিৰটোত মুঠ ৩,৩৪৬ জন ৰোগীক চিকিৎসা প্ৰদান কৰা হয় ৷ মেগা স্বাস্থ্য শিবিৰটোত জিলা প্ৰশাসনৰ বিষয়া সকলৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷