কলগাছিয়া: খাৰবাল্লী গাঁৱত বেকী নৈৰ গৰাখহনীয়াত জাহ গল চাৰিটা পৰিয়ালৰ ঘৰ-ভেটি, খহনীয়া প্ৰতিৰোধৰ দাবী ৰাইজৰ
কলগাছিয়াৰ খাৰবাল্লী গাঁৱত বেঁকী নদীয়ে আৰম্ভ কৰিছে তীব্ৰ গৰাখহনীয়া। চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ ফলত বেঁকী নৈৰ খহনীয়াই বিগত এটা সপ্তাহৰ ভিতৰত চাৰিটাকৈ পৰিয়ালৰ ঘৰ-ভেটি উছন কৰাৰ লগতে আন কেইবাটাও পৰিয়াললৈ সৃষ্টি কৰিছে তীব্ৰ ভাবুকি । ভুক্তভোগী ৰাইজে জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে। নৈপৰীয়া ৰাইজে শীঘ্ৰে খহনীয়া ৰোধ কৰাৰ দাবী জনায় ৷