তিনিচুকীয়া: জনজাতিকৰণৰ দাবীত মৰাণ জনগোষ্ঠীৰ মাকুমত পুনৰ অনিৰ্দিষ্টকালীন অৰ্থনৈতিক আন্দোলন
জনজাতিকৰণৰ দাবীত অব্যাহত আছে মৰাণ জনগোষ্ঠীৰ ধাৰাবাহিক আন্দোলন৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত মৰাণ জনগোষ্ঠীৰ ছয়টাকৈ জাতীয় সংগঠনৰ সহযোগত সোমবাৰে পুৱা ৫ বজাৰ পৰা পুনৰ অনিৰ্দিষ্টকালীন অৰ্থনৈতিক আন্দোলন । পুৱা ৮ বজাত এনেদৰে তিনিচুকীয়া জিলাৰ পৰা ৰপ্তানি হোৱা তেল,কয়লা,চাহ,কাঠ ইত্যাদি সম্পদৰ ৰপ্তানি কৰা বাহন সমূহ আবদ্ধ কৰা দেখিবলৈ পোৱা গৈছে ।